Sunday, November 27, 2011

প্রিয় ডায়েৰীখনৰ কথাৰে

           প্রায়ে ভাবোঁ নিয়মীয়াকৈ ডায়েৰী লিখোঁ বুলি, কিন্তু নহয়গৈ। দুখনকৈ ডায়েৰী পেট পেলাই পৰি থাকে টেবুলত। পিছে ব্যস্ত (বা অলস) দিনটো লিখি পেলোৱা কেতিয়াও নহয়গৈ (অথবা নোৱাৰোঁগৈ)। কেতিয়াবা আৰম্ভণিৰপৰা চাওঁ--- ২8 ঘন্টাৰ খতিয়ানৰ ঠাইত কিছুমান টুকুৰা-টুকুৰ বাক্য বা দফা। হঠাতে কেতিয়াবা লিখিম বুলি আৰম্ভ কৰা গদ্যৰ টুকুৰা (আধৰুৱা হৈ ৰোৱাটোৱে সিহঁতৰ ভাগ্য)। স্কেটচেৰে লিখি ৰখা কিছুমান ফোন নং আৰু ই-মেইল ঠিকনাও ভালদৰে চকুত পৰাকৈ জিলিকি থাকে। তাৰ মাজতে প্রিয় গীতৰ একোখন তালিকা, অহাবাৰলৈ কিনিব লগা কিতাপৰ নাম ইত্যাদি ইত্যাদি। কাঠপেঞ্চিলৰ স্কেটচ্ দুটামানেই মাজতে ভূমুকি মাৰে। নাই, তথাপিও নাই এৰি অহা দিনবোৰ ইয়াত। প্রায় প্রতিটো পৃষ্ঠাতে অনুভৱৰ ডুখৰীয়া কাব্য কিছুমানৰ উপস্থিতি অৱশ্যেই থাকে। অর্থাত্‍ আৱেগ-অনুভূতিবোৰ ডায়েৰীখনে ঠিকেই ধৰি ৰাখে। সেইফালৰপৰা ডায়েৰীখন মোৰ প্রিয় বন্ধুৰ অন্যতম। প্রায়ে ভাবোঁ, মাথোঁ ভাবোঁ ডায়েৰী লিখিম বুলি। পিছে কেতিয়াকৈ সেইটোহে নাজানো।

Friday, November 25, 2011

দিনপঞ্জীৰ দৰে

          শীত নামিছে। এইকেইদিন কুঁৱলী বৰকৈ পৰিছে। বাহিৰত এখিলা গছপাতো, এডালি ঘাঁহ-বনো শুকান হৈ থকা নাই। দুৱাৰ-খিৰিকি নিকপকপীয়া কৰি সোমাই আছোঁ কোঠাত। ভিতৰত যথেষ্ট উম। টেবুলত মনালিছা শইকীয়াৰ 'আন্দোলিত আকাশে' মুখ ওন্দোলাই আছে। আজিলৈকে কিতাপখন পঢ়া নাই হোৱা; যোৱা গ্রন্থমেলাতে কিনা (এতিয়াহে হিচাপ কৰিছোঁ, ভালেকেইটা সপ্তাহ গ'ল দেখোন)। তাৰ লগতে পঢ়া-নপঢ়া আৰু ভালেকেইখন কিতাপৰ অলস জিৰণি। কোর্চৰ কিতাপৰ লগত মোৰ সৈতে অন্তৰংগতাৰ ক্ষেত্রত সিহঁতৰ সদায় যুঁজ-বাগৰ। হয়, এইকেইদিন সময় দিব পৰা নাই কিতাপবোৰক। ছেছনেল পৰীক্ষাৰ ধমকনিত বহুদিনৰ মূৰত 'নিজৰ' কিতাপবোৰ লুটিয়াইছোঁ অৱশ্যে। কিন্তু তাতোকৈ মোৰ প্রিয় বহীত কলম ধৰাই থকা আৰু কাঠপেঞ্চিল এবাকচ লৈ আঁক-বাঁক কৰাহে হৈছে বেছি। তাতোকৈয়ো বেছি হৈছে ফেচবুকত ঘূৰি ফুৰা আৰু বন্ধুমহলৰ সৈতে গল্প কৰা (আৰু এতিয়া এইটো লিখি আছোঁ)। পঢ়া-শুনা!!! সঁচাকৈ পঢ়া-শুনাবোৰ যদি প্রেমৰ দৰে হ'লহেঁতেন, কৰিব নলগাকৈয়ে নিজে নিজেই হৈ গ'লহেঁতেন (সহপাঠী এজনীৰ এছ.এম.এছৰ আঁত ধৰি)! আৰু আমি নিজৰ বাকীবোৰ হেঁপাহ ৰংমনে পূৰণ কৰি থাকিব পৰা হোৱা হ'লে! সেয়া, আৰম্ভ কৰিছিলোঁ ক'ত আৰু পালোঁহি ক'ত! আন কথা এটা লিখোঁ বুলি ভাবোঁতে দিনপঞ্জীৰ দৰেহে হ'লগৈ। প্রসংগৰ আঁতেই হেৰুৱালোঁ।

Thursday, November 17, 2011

সম্পর্ক - মৰাচিম

          ...বহুতো বেয়া লগা, বেয়া পোৱা কথাক সাৱটি ধৰি থাকিব লগা হয় বহু সময়ত। এই বাধ্যবাধকতাত একোটা সম্পর্কও বান্ধ খাই থাকে প্রায়ে। এৰি দিলেই সুলকি যায় এই সম্পর্কৰ বান্ধোন। ঠিকেই, বাধ্যবাধকতা কিছুমান সম্পর্কৰ অন্য নাম। একেসময়তেই কিছুমান সম্পর্ক সংজ্ঞা হয় জীৱনৰ, হিৰণ্ময় অর্থ হয় জীয়াই থকাৰ। কিছুমান সম্পর্কই প্রতিদান নিবিছাৰে.....কিছুমানে অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰত উন্মত্ত হয়। কিছুমান সম্পর্কক নাম দিব নোৱৰি...বৈধ-অবৈধৰ দোমোজাত আবেগসিক্ত হৈ থাকে ই। আনহাতে কিছুমান একে তেজ অবিহনেও আত্মীয়তাৰ উমেৰে উমাল হয়...চর্তহীন চেনেহেৰে জীপাল হয়। জীৱনৰ দৰেই বিশাল সম্পর্কৰ সংজ্ঞা।