শীতকালটো কাষ চাপি অহাৰ লগে লগে পৰিৱেশটো সলনি হয়। ফুল ফুলাৰ বতৰ এয়া। ভাল লাগে নিয়ৰ, কুঁৱলী আৰু নির্মেঘ আকাশ। শীতে আন এক আমেজো কঢ়িয়াই আনে। কিতাপৰ আমেজ, গ্রন্থমেলাৰ আমেজ। বার্ষিক গ্রন্থমেলাবোৰ আৰম্ভ হোৱাৰ লগে লগে চহৰবোৰ ব্যস্ত হৈ পৰে, গ্রন্থপ্রেমীসকল একেলগ হয়। বছৰটোলৈ বিভিন্ন বিষয়ৰ কিতাপবোৰ কিনা হয় ইয়াতে। গ্রন্থমেলাৰ আগে আগে কিনিবলগা কিতাপৰ তালিকা বনোৱাটো মোৰ বাবে এটা বৰ দৰকাৰী কাম। সেইমতে প্রয়োজন হ'ব বুলি অনুমান কৰা টকাকেইটা দেউতাৰপৰা (আচলতে মাৰপৰা) লওঁ। নিজৰ উপার্জন নাই যেতিয়া কিতাপ কিনোতে সাৱধান (বা মিতব্যয়ী) হ'ব লগা হয়। পিছে যিমানেই হিচাপ-নিকাচ মিলাই নাথাকোঁ কিয়, কিতাপ কিনোঁতে সদায় হাত খৰছৰো অলপ খৰছ হৈ যায়েই। তালিকাৰ বাহিৰৰ কিতাপো কিনা যায় অৱধাৰিতভাৱে। তথাপিও শেষত দেখোঁ যে দুখনমান বৰ ভাল (বা লোভনীয়) কিতাপ থাকি গ'ল কিনিবলৈ। হ'ব, অহাবাৰলৈ কিনিম বুলি নিজকে প্রবোধ দিয়া যায় তেতিয়া। উপায় নাই। নিজৰ ঠাইত (চহৰ বা জিলাখনত) গ্রন্থমেলা শেষ হোৱাৰ পিছত যেতিয়া আন এঠাইত আৰম্ভ হয় তেতিয়া তালৈকো গুচি যাবলৈ মন গৈ থাকে। কিয়নো গুৱাহাটীৰ দৰে ঠাইত গ্রন্থমেলা হ'লে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বন্ধুবোৰ (ফেচবুকৰ নাম ল'বই লাগিব) তাত লগ হয়, গল্প কৰে, বন্ধুৰ কিতাপ উন্মোচন হয় ইত্যাদি। কিতাপ চোৱা বা কিনাৰ কথাটো সেই সময়ত গৌণ হৈ পৰে। ভাবোঁ, এদিন গৈ আহিব পৰা হ'লে! পিছে কি হ'ব, বুজাব নোৱাৰা অসুবিধাৰ জঁট ভাঙিব নোৱাৰোঁ। বৰ আগ্রহেৰে বাট চাওঁ--- আকৌ আহিব গ্রন্থমেলা। তাতেই লগ হ'ম আটাইবোৰ বন্ধু (বিশেষকৈ ফেচবুকৰ) আৰু কিতাপৰ সুবাসৰ মাজত প্রাণখুলি আলাপ কৰিম।
জীৱন মানেই বাৰেৰহণীয়া অভিজ্ঞতা। "জীৱন মানেই হেনো সোৱাদ।" প্রতিটো নতুন দিনেই নতুন কথাৰ মেটমৰা ভঁৰাল একোটাৰ দুৱাৰ খুলি দিয়ে। জীৱনৰ বাটে-ঘাটে পোৱা তিতা-মিঠাবোৰক লৈ হোৱা অনুভৱেৰে এই জালপঞ্জী (blog)......মোৰ অনুভৱৰ গদ্য।
Monday, December 26, 2011
Sunday, November 27, 2011
প্রিয় ডায়েৰীখনৰ কথাৰে
প্রায়ে ভাবোঁ নিয়মীয়াকৈ ডায়েৰী লিখোঁ বুলি, কিন্তু নহয়গৈ। দুখনকৈ ডায়েৰী পেট পেলাই পৰি থাকে টেবুলত। পিছে ব্যস্ত (বা অলস) দিনটো লিখি পেলোৱা কেতিয়াও নহয়গৈ (অথবা নোৱাৰোঁগৈ)। কেতিয়াবা আৰম্ভণিৰপৰা চাওঁ--- ২8 ঘন্টাৰ খতিয়ানৰ ঠাইত কিছুমান টুকুৰা-টুকুৰ বাক্য বা দফা। হঠাতে কেতিয়াবা লিখিম বুলি আৰম্ভ কৰা গদ্যৰ টুকুৰা (আধৰুৱা হৈ ৰোৱাটোৱে সিহঁতৰ ভাগ্য)। স্কেটচেৰে লিখি ৰখা কিছুমান ফোন নং আৰু ই-মেইল ঠিকনাও ভালদৰে চকুত পৰাকৈ জিলিকি থাকে। তাৰ মাজতে প্রিয় গীতৰ একোখন তালিকা, অহাবাৰলৈ কিনিব লগা কিতাপৰ নাম ইত্যাদি ইত্যাদি। কাঠপেঞ্চিলৰ স্কেটচ্ দুটামানেই মাজতে ভূমুকি মাৰে। নাই, তথাপিও নাই এৰি অহা দিনবোৰ ইয়াত। প্রায় প্রতিটো পৃষ্ঠাতে অনুভৱৰ ডুখৰীয়া কাব্য কিছুমানৰ উপস্থিতি অৱশ্যেই থাকে। অর্থাত্ আৱেগ-অনুভূতিবোৰ ডায়েৰীখনে ঠিকেই ধৰি ৰাখে। সেইফালৰপৰা ডায়েৰীখন মোৰ প্রিয় বন্ধুৰ অন্যতম। প্রায়ে ভাবোঁ, মাথোঁ ভাবোঁ ডায়েৰী লিখিম বুলি। পিছে কেতিয়াকৈ সেইটোহে নাজানো।
Friday, November 25, 2011
দিনপঞ্জীৰ দৰে
শীত নামিছে। এইকেইদিন কুঁৱলী বৰকৈ পৰিছে। বাহিৰত এখিলা গছপাতো, এডালি ঘাঁহ-বনো শুকান হৈ থকা নাই। দুৱাৰ-খিৰিকি নিকপকপীয়া কৰি সোমাই আছোঁ কোঠাত। ভিতৰত যথেষ্ট উম। টেবুলত মনালিছা শইকীয়াৰ 'আন্দোলিত আকাশে' মুখ ওন্দোলাই আছে। আজিলৈকে কিতাপখন পঢ়া নাই হোৱা; যোৱা গ্রন্থমেলাতে কিনা (এতিয়াহে হিচাপ কৰিছোঁ, ভালেকেইটা সপ্তাহ গ'ল দেখোন)। তাৰ লগতে পঢ়া-নপঢ়া আৰু ভালেকেইখন কিতাপৰ অলস জিৰণি। কোর্চৰ কিতাপৰ লগত মোৰ সৈতে অন্তৰংগতাৰ ক্ষেত্রত সিহঁতৰ সদায় যুঁজ-বাগৰ। হয়, এইকেইদিন সময় দিব পৰা নাই কিতাপবোৰক। ছেছনেল পৰীক্ষাৰ ধমকনিত বহুদিনৰ মূৰত 'নিজৰ' কিতাপবোৰ লুটিয়াইছোঁ অৱশ্যে। কিন্তু তাতোকৈ মোৰ প্রিয় বহীত কলম ধৰাই থকা আৰু কাঠপেঞ্চিল এবাকচ লৈ আঁক-বাঁক কৰাহে হৈছে বেছি। তাতোকৈয়ো বেছি হৈছে ফেচবুকত ঘূৰি ফুৰা আৰু বন্ধুমহলৰ সৈতে গল্প কৰা (আৰু এতিয়া এইটো লিখি আছোঁ)। পঢ়া-শুনা!!! সঁচাকৈ পঢ়া-শুনাবোৰ যদি প্রেমৰ দৰে হ'লহেঁতেন, কৰিব নলগাকৈয়ে নিজে নিজেই হৈ গ'লহেঁতেন (সহপাঠী এজনীৰ এছ.এম.এছৰ আঁত ধৰি)! আৰু আমি নিজৰ বাকীবোৰ হেঁপাহ ৰংমনে পূৰণ কৰি থাকিব পৰা হোৱা হ'লে! সেয়া, আৰম্ভ কৰিছিলোঁ ক'ত আৰু পালোঁহি ক'ত! আন কথা এটা লিখোঁ বুলি ভাবোঁতে দিনপঞ্জীৰ দৰেহে হ'লগৈ। প্রসংগৰ আঁতেই হেৰুৱালোঁ।
Thursday, November 17, 2011
সম্পর্ক - মৰাচিম
...বহুতো বেয়া লগা, বেয়া পোৱা কথাক সাৱটি ধৰি থাকিব লগা হয় বহু সময়ত। এই বাধ্যবাধকতাত একোটা সম্পর্কও বান্ধ খাই থাকে প্রায়ে। এৰি দিলেই সুলকি যায় এই সম্পর্কৰ বান্ধোন। ঠিকেই, বাধ্যবাধকতা কিছুমান সম্পর্কৰ অন্য নাম। একেসময়তেই কিছুমান সম্পর্ক সংজ্ঞা হয় জীৱনৰ, হিৰণ্ময় অর্থ হয় জীয়াই থকাৰ। কিছুমান সম্পর্কই প্রতিদান নিবিছাৰে.....কিছুমানে অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰত উন্মত্ত হয়। কিছুমান সম্পর্কক নাম দিব নোৱৰি...বৈধ-অবৈধৰ দোমোজাত আবেগসিক্ত হৈ থাকে ই। আনহাতে কিছুমান একে তেজ অবিহনেও আত্মীয়তাৰ উমেৰে উমাল হয়...চর্তহীন চেনেহেৰে জীপাল হয়। জীৱনৰ দৰেই বিশাল সম্পর্কৰ সংজ্ঞা।
Saturday, August 20, 2011
হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি
তুমিতো জানাই
এই কবিৰ আৰু একো নাই
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই
প্রেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই।
(ভোগালি)
হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।
হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে-----
"মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ
ভঁৰালঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম।
পানী পালে, মাটি পালে, ৰ'দে বৰষুণে
ভুৰ্ভুৰ্কৈ আকৌ গজি উঠিম...।"
(শস্যমালাৰ ভ্রমণ)
যাদু জানে তেওঁ; শব্দৰ যাদু, ছন্দৰ যাদু। শব্দেৰে শাওণৰ ভৰুণ পথাৰৰ অবিকল ছবি আঁকে হীৰুদাই। সঁজালধৰা পথাৰৰ বিবিধ সেউজীয়াত একাকাৰ হৈ যায় সতেজ শব্দবোৰ। সমাহিত ৰমন্যাসবাদেৰে আৰম্ভণি ঘটে কবিতাৰ----
তোৰ ভূঁই ৰোৱা হাতৰ মুঠিত উচপিচাই আছে মোৰ ধানৰ কঠীয়া
ধানবোৰ যেতিয়া লহ্পহকৈ বাঢ়ি উঠিব তোৰ সেমেকা হাতেৰে নিৰাই ল'বি ধাননিডৰা
(ভূঁইতলৰ গীতপদ)
ঠন ধৰা ধাননিডৰালৈ চাই ৰ-লাগি আছে সৰুদৈ
মুখৰ মিচিকিটো তাই বৰ ধুনীয়াকৈ ৰিহাৰ আগেৰে ঢাকি থ'ব পাৰে
(পথৰুৱা গোন্ধ)
আৰু-----
শাওণৰ ডাৱৰ একেলুটিয়ে আহি পথাৰ পালেহি।
মোৰ বুকুত শুই থকা কঠীয়াডৰা ঠাইতে ঠন ধৰি উঠিল
(সেউজীয়া কঠিয়াডৰা)
বতৰে খেতিয়কক সদায়ে সুখৰ বতৰা নিদিয়ে। কেতিয়াবা শুকান খৰাঙে জ্বলায়, কেতিয়াবা বানত উটে লহ্পহ্ কঠীয়া। খেতিয়কলৈ কবিৰ গভীৰ সমব্যাথা। শব্দেৰে তেওঁ উদ্বুদ্ধ কৰিব খোজে ভাঙি পৰা প্রতিজন কৃষকক প্রকৃতিৰ কঠোৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ। উত্সাহ দিব খোজে মাটিৰ সন্তানক-----
তীখাৰ নিমজ ফালেৰে ফাল ফাল কৰা উদং ৰ'দৰ
তপত পথাৰ
. . . . . . . . . . . . . . .
পানী আনা, ভাঙা নদী নলা-খাল বিল।
. . . . . . . . . . . . . . .
চহাই পেলোৱা মানুহ মাটি-তেজ-ঘামৰ পথাৰখন
(মানুহ-মাটি-তেজ-ঘামৰ পথাৰ)
নৈ বিলৰ পানী গৈ তেনেই তলি পালেগৈ মাছ পুঠি বোকাৰ তল
চাৰিওফালে দুখৰ গুমগুমনি...
(বৰষুণ নাই)
আকৌ-----
ধান হওক। বাঢ়নী পানীৰ লগত ফেৰ মাৰি ধান বাঢ়ক।
(ধান হওক)
নাই যি নাই উৰাল ঢেঁকীৰ চাব এটাকে নুশুনি, কেউফালে পানী,
ক'ৰবাত অকনমান শুকনিমুৱা, ক'ৰবাত ডোঙা বান্ধি আছে একঁকাল
(পানীয়ে মৰা মন-মাটি)
শাওণমহীয়া মেঘালী আকাশে জোকাই থকা পথাৰৰ ৰূপৰ বর্ণনাত হীৰুদা সিদ্ধহস্ত। তেওঁৰ কবিতাৰ একোটি শাৰীয়ে দুচকুত আঁৰি দিয়ে বর্ষাসিক্ত ধৰাৰ একোখন ফট্ফটীয়া ছবি। বৰষুণ বুলি ক'লেই বৰষুণ এজাকে তিয়াই যায়, ডাৱৰচপৰা বুলিলেই কপহুৱা ডাৱৰে চুই যায় পঢ়োঁতাজনক। শুকান ফাগুনতো দি যাব পাৰে সজল শাওণৰ সিক্ত অনুভূতি।
গোমাই থকা আকাশখনে হঠাত্ বৰকৈ বিজুলীয়াইছে
কপাহগুটীয়া বৰষুণজাক লাহে লাহে ডাঙৰ হৈ আহিছে
(এটা গানৰ ক'লি)
একোজাক বৰষুণৰ মাজেৰে ৰিব্ৰিব্কৈ বতাহ ব'লিছে।
বতাহত সেউজীয়া কঠিয়াডৰা হালিছে জালিছে---
মই এই কেইশাৰী কবিতাকে লৈ গোটেই দিনটো কটালো
(সেউজীয়া কঠিয়াডৰা)
বাছকবনীয়া, প্রাণময় আৰু সতেজ শব্দেৰে হীৰুদাই মানুহ আৰু প্রকৃতিৰ কথা কয়। আটকধুনীয়াকৈ চিত্রকল্পৰ কাচোনেৰে কাচে তেওঁৰ কবিতাই। শব্দৰ মাজেৰে মূর্ত্তমান হৈ উঠে আকাশ, পথাৰ, হাবি-বন, মেঘ, বাৰিষা। প্রাণ পাই উঠে মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা, ভালপোৱা।
তোৰ ম'হৰজীয়া ৰোৱণী হাতৰ টিপতে সেমেকে
মোৰ পৰালি পৰা এমুঠি ধান
উচ্পিচ্ ভৰিৰ সৰু গাঁঠিলৈকে তোৰ
তলসুঁতিয়া মাটিৰ ভুৰ্ভুৰীয়া বোকা
(ধানৰ ছকাছন্দা সুৰৰ ৰৈ ৰমলী)
তেওঁৰ কবিতাবোৰে কথা কয়। শব্দবোৰে, অভিনৱ বাক্যৰ গাঁথনিয়ে পঢ়ুৱৈক সোঁৱৰাই থাকে আঁৰৰ কবিগৰাকীৰ কথা। এই কাৰণেই তেওঁ হীৰুদা। 'সুগন্ধি পখিলা'ৰ স্রষ্টা প্রতিজন অসমীয়া সাহিত্যানুৰাগীৰ অতিকে আপোন হীৰুদা।
তামস আকাশখনৰ স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে।
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক'লে
(আহিনৰ লেণ্ডস্কেপ)
Tuesday, August 16, 2011
কল্পবৃক্ষৰ সন্ধানত এদল অসুখী মানুহ
নাজানো, কেতিয়া চামিল হৈছিলোঁ অসুখী মানুহ এজাকৰ বিৰাট সমদলটোত। (থকাখিনিক লৈ সম্পূর্ণ সন্তুষ্ট নোহোৱাজন অসুখী হ'লে মইনো কেনেকৈ সুখী হ'ম!) ৰূপকথাৰ কল্পবৃক্ষ এজোপাৰ অন্তহীন সন্ধানত নামি পৰিছিলোঁ নিজে নুবুজাকৈ। আশা পূৰণ কৰা সেই কল্পবৃক্ষৰ সন্ধানত বিৰামহীন জীৱনৰ দৌৰ। হয়তো উদ্দেশ্য প্রত্যেকজনৰ ভিন্ন কিন্তু একেই লক্ষ্য। এই লক্ষ্য কিমান দূৰত নাজানো, সমুখৰ ফালেই বুলি নিশ্চিত মাত্র। সেইবাবেই এই দৌৰো অন্তহীন। কেৱল কাষৰজনতকৈ আগবাঢ়ি থকাটোৱেই সাফল্য। থমকি ৰ'লেই শত যোজন (সময়ৰ হিচাপত শতিকা) পিছ পৰি যোৱাৰ শংকা। হয়তো এই অঘোষিত যতিহীন দৌৰ প্রতিযোগিতাত জীৱনৰ অন্তিম মুহূর্ত্তলৈকে প্রত্যেকেই ভাগ লৈ থাকিব।
Monday, August 1, 2011
পাথৰৰ নগৰীত দৈনন্দিন-----খেলিমেলি কিবাকিবি
হুলস্থূল, টেৰটেৰীয়া চিঞৰ-বাখৰ, গাড়ী-মটৰৰ ভিৰ, গুপগুপাই থকা এজাক মানুহ......মূল চহৰৰ ফালে ওলাই আহিলেই উশাহ নোপোৱা এক হেঁচামৰা অৱস্থা। কিজানি প্রতিটো মুহূর্ত্ততে এজন মানুহে নিজকে হেৰুৱাই ইয়াত.......আকৌ বিচাৰি পায়....আকৌ হেৰুৱায়।
কদর্য ৰাজপথবোৰ পেট পেলাই পৰি থাকে...নির্বিকাৰ হৈ। তাহাঁতৰ বুকু গচকি কতজন লোক, কতখন বাহন, কতটা ঠিকনাবিহীন জন্তু অহা-যোৱা কৰে। ধূলিৰে পোত খাই পৰি থাকে সিহঁত....ওপৰমুৱা হৈ....এজাক বৰষুণৰ অপেক্ষাত। লেতেৰা ঠেক-ঠুক বজাৰৰ গলিবোৰ গিজগিজাই থাকে। হাঁ-কৈ মুখ মেলি ৰয় ৰাস্তাৰ কাষৰ প্রতিখন দোকান....পাৰ হৈ যোৱা মানুহবোৰৰ ব্যস্ত মুখবোৰলৈ চাই।
পদপথৰ দাঁতিত শীর্ণ, ভোকাতুৰ দৰিদ্রতা.....যাক হেলাৰঙে নেওচি পাৰ হৈ যায় মানুহবোৰ, মানুহৰ সময়বোৰ। কোনে কাক কিয় হাত ধৰি বাট দেখুৱাব!? সঁচা কথা--- সময়ৰ কালৈকো সময় নাই। ৰাতি চহৰখনে বাছকবনীয়া ৰং-চানেকিৰে সাজি থাকোঁতে সেইটো পদপথতে সাৰ পাই থাকে এগৰাহ বগা ভাতৰ সোৱাদলগা সপোন.....মাথোঁ এগৰাহ বগা ভাত!
ৰাস্তাই-ঘাটে, সোঁৱে-বাঁৱে অবিৰাম তথাকথিত অশালীন শব্দবোৰ, অশ্লীলতাবোৰ পিনপিনাই ফুৰে ভিন্ন সুৰত, ভিন্ন ৰূপত, উচ্চাৰণৰ বিভিন্নতাৰে......কিন্তু চুব নোৱাৰে আধাকেঁচা কলিজা। আচলতে কাক কয় অশ্লীলতা?? এজাক সৰল মানুহৰ কৃত্রিমতা নোহোৱা আচৰণক??? নে অর্ধশিক্ষিত এদল মানুহৰ উন্মাদনাৰ প্রকাশক?? নে 'ওপৰখাপৰ' কিছুমান লোকৰ ক্ষমতা নামৰ সামগ্রীবিধৰ স্বাধীন ব্যৱহাৰক?? নাই, পোৱা নাযায় উত্তৰ। ইয়াত সকলো মিহলি হৈ যায়....খেলিমেলি হৈ যায়। (যেনেদৰ 'অশালীন' দেহোপজীৱিনীৰ হাতত ৰাতি একোটা গটাই থৈ অহা লোকবোৰ দুর্ভাগ্যজনকভাৱে শালীন!)
এনেদৰেই পাথৰৰ নগৰীত দিনবোৰ পাৰ হয়, ৰাতিবোৰে বাগৰ সলাই থাকে। কোনো কথা বেছিকৈ চিন্তা কৰিবৰ অৱকাশ নাথাকে কাৰো। চলি যায় সময় নিৰন্তৰ গতিৰে.....প্রতিটো মুহূর্ত্ততে পৰিৱর্তনৰ প্রতিশ্রুতিৰে।
Wednesday, July 20, 2011
কিছু চিন্তা-১জাতিগত বৈশিষ্ট্য আৰু পর্যটন
বহুদিনৰ আগেয়ে ৰথীন্দ্রনাথ গোস্বামীৰ (ৰথীন মামা) বিদেশ ভ্রমণৰ মনোৰম অভিজ্ঞতাৰে লিখা 'বিদেশী বন্ধুৰ দেশত' নামৰ কিতাপখন পঢ়িছিলোঁ আৰু ভাল পাইছিলোঁ। বাৰেৰহণীয়া অভিজ্ঞতাৰে সমৃদ্ধ এনে কিতাপ বা লেখাৰ প্রতি তীব্র আগ্রহ ইয়েই বোধহয় জন্ম দিছিল। তেতিয়াৰপৰা মাজে-সময়ে কাকতে-আলোচনীয়ে প্রকাশিত বিভিন্নজনৰ বিদেশ বা কোনো নতুন ঠাই ভ্রমণৰ কাহিনী পঢ়ি ভাল পাওঁ। এনে লেখা বা কিতাপত লেখকে ঠাইডোখৰৰ লগতে তাৰ মানুহখিনিৰ বিষয়ে যি যি ভাল মন্তব্য দিয়ে তাক দেখি সেই ঠাইলৈ নিজে এবাৰ যাবলৈ মন যায়। অর্থাত্ কোনো ঠাইৰ মানুহৰ শলাগিবলগীয়া সময়ানুৱর্ত্তিতা, আন কাৰোবাৰ অতিথিপৰায়ণতা, কোনো জাতিৰ পৰিপাটী জীৱনশৈলী নাইবা কাৰোবাৰ সাংস্কৃতিক বৈশিষ্ট্যই সকলোকে আকর্ষণ কৰে যাৰ বাবে মানুহে সেই ঠাই ফুৰিবলৈ ইচ্ছা কৰে। ইয়াৰ প্রভাৱ পৰোক্ষ বা প্রত্যক্ষভাৱে সেই দেশৰ পর্যটন ক্ষেত্রখনৰ ওপৰত পৰে। ভাৰতীয় হিচাপেই হওক বা অসমীয়া হিচাপেই হওক, বিভিন্ন দেশৰ লোকৰ দৰে আমাৰো কিছুমান নিজা গুণ বা বৈশিষ্ট্য আছে। আমি আমাৰ জাতিটোৰ দোষ প্রায়ে খুচৰি থাকোঁ কিন্তু গুণ কি কি আছে তাক বেছিভাগ সময়তে বিচাৰ নকৰোঁ। যদি আমি আমাৰ জাতিগত চাৰিত্রিক গুণসমূহ বিচাৰি উলিয়াই তাৰ বিকাশৰ চেষ্টা কৰোঁ সেইটো নিশ্চয়কৈ পর্যটন উদ্যোগটোৰ বাবে বৰ লাভজনক হ'ব। তাৰ বাবে আমি প্রথমে নিজেই আমাৰ যোগাত্মক জাতিগত দিশসমূহ বিচাৰি উলিওৱাৰ প্রয়োজন হ'ব। কিন্তু আমাৰ প্রত্যেকজন লোকে এই কথা হৃদয়ংগম কৰি সেইমতে কাম কৰিলেহে এই উদ্দেশ্য সিদ্ধি হ'ব।
Monday, July 18, 2011
এখন উপন্যাসৰ কথাৰে
'অসীমত যাৰ হেৰাল সীমা'--- এই নামটোতেই কিবা এক অদ্ভূত যাদু সোমাই আছে। শব্দকেইটা শুনাৰ লগে লগে সকলো মনোযোগ সেইফালে গুচি যায়। মানে এক আকর্ষনী শক্তিৰে শুনোঁতাজনৰ মনটো ই টানি নিয়ে নিজৰ ফালে। কাঞ্চন বৰুৱাৰ (ভুৱন মোহন বৰুৱা) এই যুগজয়ী উপন্যাসখন ষষ্ঠ কি সপ্তম শ্রেণীত থাকোঁতেই প্রথম পঢ়িছিলোঁ, বৰদেউতাৰ কিতাপৰ আলমাৰিৰপৰা উলিয়াই। শব্দবোৰে চকুৰ আগত এখন এখনকৈ জীৱন্ত ছবি আঁকি গৈছিল। নিজকে নায়কৰ (চন্দন) ঠাইত কল্পনা কৰি ৰোমাঞ্চিত হৈছিলো। 'শুকুলা'ৰ পিঠিত উঠি পলকতে বকুলপুৰ পাইছিলোগৈ, কাঞ্চনমতীৰ পাৰে পাৰে ঢপলিয়াই ফুৰিছিলোঁ, কমল সৰোবৰৰ পদুম পাতৰ নিয়ৰ টোপালত জুখিছিলোঁ বেলিৰ তেজ।
পাছত কিতাপখন কেইবাবাৰো পঢ়িছোঁ। প্রতিবাৰেই ৰোমাঞ্চিত হৈছোঁ একেদৰে। অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ চম্পাৰ বুকুৰ 'গৰুগাড়ীৰ লিক'যেন দাগকটা ঘাৰ যন্ত্রণা আৰু সপোনৰ ৰং হেৰুৱা এদল সৰল মানুহৰ বুকুৰ বেদনা। কিতাপখন পঢ়ি বহু ঠাইত আমোদ পাওঁ আৰু সৰহখিনি ঠাইত শব্দবোৰে চকুপানীবোৰ জোকাই থাকে। তেতিয়া হয়তো আত্মাভিমানী আৰু দৃঢ় গৌৰীয়ে আখৰৰ মাজৰপৰা ওলাই আহি মোৰ কান্ধত হাত থয়। কি সংলাপ! কি দৃশ্যপট!!
আজিলৈকে বহুকেইজন লেখকৰ বহুসংখ্যক উপন্যাস পঢ়িছোঁ। তাৰে ভিতৰত মোৰ আটাইতকৈ প্রিয়, যিকোনো সময়তে আৰু বাৰে বাৰে পঢ়িলেও আমনি নলগা কিতাপখনেই 'অসীমত যাৰ হেৰাল সীমা'।
(১৮/৭)
Subscribe to:
Posts (Atom)