Saturday, March 17, 2012

এনেকৈয়ে হয়গৈ কবিতা

যি মনলৈ আহে তাকেই লিখোঁ। একোটা শাৰী লিখোঁ, একোটা বাক্য লিখোঁ নতুবা লিখোঁ কেইটামান শব্দ। তেনেকৈয়ে ডায়েৰীত থাকি যায় সিহঁত ----- কেইদিনমানৰ বাবে, কেতিয়াবা বহুদিনৰ বাবে। মাজে মাজে ডায়েৰীৰ পাতবোৰ লুটিয়াই থাকোঁতে হঠাত্‍ চকুত পৰে সেই আধৰুৱা শাৰীবোৰ। পটকৰে কিবা ভাব খেলি যায়। এশাৰী যোগ কৰোঁ তাত। আৰু এশাৰী, আৰু.....কেইবাশাৰী। পঢ়ি চাওঁ। ভাল নালাগে। কাটি পেলাওঁ তত্‍ক্ষণাত। একেটা ভাবকে আন শব্দেৰে আকৌ সজাওঁ। নাইবা একেবোৰ শব্দকে আনধৰণে গাঁঠি চাওঁ। পঢ়ি চাও। ভাল লাগে। তথাপি দুটামান শব্দ পছন্দ নহয়। সেইকেইটা কাটি আন শব্দ বহাওঁ। ওঁহো, নাইহোৱা। পুনৰ আঁতৰাই পেলাওঁ। কি হ'ব, কি হ'ব! হঠাত্‍ পাই যাওঁ খাপ খাই পৰা এটা শব্দ। কবিতা এটাৰ জন্মৰ ক্ষণ। এতিয়া লাগে এটা নাম। এইটো দিওঁ, ওঁহো ভাল লগা নাই। সেইটো দিওঁ, নহয়। কবিতা লিখাতকৈ কবিতাৰ নাম বিচৰাহে টান। অৱশেষত পাওঁ এটা মনে বিচৰা নাম। এনেকৈয়ে কবিতা হয়গৈ। অ', এনেকৈয়ে।

Thursday, March 15, 2012

সেই দিনবোৰ সোঁৱৰো

          উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ কথা। ইণ্ডিয়ান ইক'নমি ভাগটো আশ্রাফুজ্জামান চৌধুৰী নামৰ এজন ছাৰে পঢ়ুৱাইছিল। নতুনকৈ চাকৰিত সোমাইছে। অর্থনীতি বিজ্ঞান আমাৰ প্রায়বোৰৰে (প্রায় ১৬০ টা/জনী) এটা মূল বিষয় যদিও বেছিভাগৰে বাবে বিষয়টোৰ উক্ত ভাগটো আমনিদায়ক । ল'ৰা-ছোৱালী অত্যাধিক হোৱাৰ বাবেই প্রতিদিনে হুলস্থূল হয়। কোঠা দুটামানৰ ভঙা-গঢ়া চলি আছিল বাবে ছেকচন এটাই আছিল। ছাৰৰ অভিজ্ঞতা নথকাৰ বাবেই বোধহয় আনে কৰাৰ দৰে তেওঁ ক্লাছতো ৰসালো কৰিব পৰা নাছিল আৰু চম্ভালিবও পৰা নাছিল। ৰোল কলৰ সময়ত এটাৰ ৰোলত বদমাচি কৰি ৫/৬ টাই মাতে। আচলটোৱে গালি খাইগৈ। ছাৰে বর্ডলৈ পিঠি দিলে কেন্টিনত বহাৰ দৰে উত্‍পাত। ছাৰে অতিষ্ঠ হৈ ক্লাচ কৰাৰ মন নাথাকিলে ওলাই যাবলৈ কয়। পিছে কোনো উঠি নাযায়। HOD ক অভিযোগ দিলেও point out কৰিব নোৱাৰিলে কাকো গাইগুটীয়াকৈ একো শাস্তি দিব নোৱাৰে। মুঠতে আমাৰ ৰাজত্ব আৰু ছাৰৰ মূৰ কামোৰণি। এদিন দুর্ভাগ্যক্রমে মই প্রথম বেঞ্চত বহিছিলোঁ। ছাৰে কিবা এটা কওঁতে মোৰ ঠিক পিছত বহাটোৱে "আজিলৈ হ'ব" বুলি ডাঙৰকৈ ক'লে। হাঁহিটো ৰখাব নোৱাৰিলোঁ কোনোমতে। ছাৰে ধৰিব নোৱাৰি মোকে নি ছোৱালীবোৰ বহি থকা শাৰীটোৰ ঠিক সন্মুখত থিয় কৰাই থ'লে। তাৰ উপৰিও কিমান তিৰস্কাৰ। মই 'কমেন্ট নাইমৰা' বুলি ক'বহে পাৰোঁ পিছে প্রমাণ কেনেকৈ দিওঁ! থাকিলো থিয় হৈ। অৱস্থাটো অলপ বেছিয়েই ভাল হ'ল। তাতে তেতিয়া ইমানখিনি সহপাঠীৰ সমুখত থিয় হৈ থাকিবলৈ লাজটো এতিয়াৰ দৰ নাইকিয়া হোৱা নাছিল। অলপ পাছতে বেল পৰাতহে ৰক্ষা। এই ঘটনাটো মনত পৰিলে এতিয়াও কাণ-মূৰ গৰম হৈ যায়। হাঁহিও উঠে আৰু একেসময়তে ভালো লাগে অলপ। ছাৰলৈ ক্ষমা প্রার্থনা।