জীৱন মানেই বাৰেৰহণীয়া অভিজ্ঞতা। "জীৱন মানেই হেনো সোৱাদ।" প্রতিটো নতুন দিনেই নতুন কথাৰ মেটমৰা ভঁৰাল একোটাৰ দুৱাৰ খুলি দিয়ে। জীৱনৰ বাটে-ঘাটে পোৱা তিতা-মিঠাবোৰক লৈ হোৱা অনুভৱেৰে এই জালপঞ্জী (blog)......মোৰ অনুভৱৰ গদ্য।
Saturday, March 17, 2012
এনেকৈয়ে হয়গৈ কবিতা
যি মনলৈ আহে তাকেই লিখোঁ। একোটা শাৰী লিখোঁ, একোটা বাক্য লিখোঁ নতুবা লিখোঁ কেইটামান শব্দ। তেনেকৈয়ে ডায়েৰীত থাকি যায় সিহঁত ----- কেইদিনমানৰ বাবে, কেতিয়াবা বহুদিনৰ বাবে। মাজে মাজে ডায়েৰীৰ পাতবোৰ লুটিয়াই থাকোঁতে হঠাত্ চকুত পৰে সেই আধৰুৱা শাৰীবোৰ। পটকৰে কিবা ভাব খেলি যায়। এশাৰী যোগ কৰোঁ তাত। আৰু এশাৰী, আৰু.....কেইবাশাৰী। পঢ়ি চাওঁ। ভাল নালাগে। কাটি পেলাওঁ তত্ক্ষণাত। একেটা ভাবকে আন শব্দেৰে আকৌ সজাওঁ। নাইবা একেবোৰ শব্দকে আনধৰণে গাঁঠি চাওঁ। পঢ়ি চাও। ভাল লাগে। তথাপি দুটামান শব্দ পছন্দ নহয়। সেইকেইটা কাটি আন শব্দ বহাওঁ। ওঁহো, নাইহোৱা। পুনৰ আঁতৰাই পেলাওঁ। কি হ'ব, কি হ'ব! হঠাত্ পাই যাওঁ খাপ খাই পৰা এটা শব্দ। কবিতা এটাৰ জন্মৰ ক্ষণ। এতিয়া লাগে এটা নাম। এইটো দিওঁ, ওঁহো ভাল লগা নাই। সেইটো দিওঁ, নহয়। কবিতা লিখাতকৈ কবিতাৰ নাম বিচৰাহে টান। অৱশেষত পাওঁ এটা মনে বিচৰা নাম। এনেকৈয়ে কবিতা হয়গৈ। অ', এনেকৈয়ে।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment