(জে.কে. ৰাউলিঙৰ মূল ইংৰাজী পুথি ‘The Tales of Beedle The Bard’ৰ ‘The
Fountain of Fair Fortune’ৰ ভাঙনি)
ওখ পাহাৰ এটাৰ ওপৰত এখন যাদুকৰী বাগিচা আছিল। সুউচ্চ দেৱালেৰে ঘেৰা বাগিচাখন যাদুৰে সুৰক্ষিত কৰি ৰখা হৈছিল। কিয়নো এই বাগিচাৰ
ভিতৰতেই আছিল সৌভাগ্যৰ ফোঁৱাৰা।
বছৰৰ আটাইতকৈ দীঘল দিনটোত বেলি ওলোৱাৰ পৰা ডুব যোৱাৰ সময়ছোৱাৰ
ভিতৰত এগৰাকী মাত্ৰ দুৰ্ভাগ্যৱান লোকে এই ফোঁৱাৰাত গা ধুই সৌভাগ্যৱান হোৱাৰ
সুযোগ লাভ কৰিছিল।
এবাৰ সেই নিৰ্দিষ্ট দিনটোত দেশ-বিদেশৰ পৰা
অলেখ মানুহ আহি সূৰ্যোদয়ৰ পূৰ্বেই বাগিচাৰ দেৱালৰ কাষত ভিৰ কৰিলেহি। বাগিচাত
সোমাবলৈ পোৱাৰ পৰম আশা বুকুত বান্ধি মতা-তিৰোতা, ধনী-দুখীয়া,
ডেকা-বুঢ়া, যাদুকৰ-সাধাৰণ লোক আটায়ে পুৱতিৰ অন্ধকাৰত জুম বান্ধিলে।
ভিৰৰ মাজতে তিনিগৰাকী যাদুকৰীৰ দেখা-সাক্ষাৎ হ’ল। তিনিও আছিল দুৰ্দশাগ্ৰস্ত আৰু বেলি ওলোৱাৰ পৰলৈকে তেওঁলোকে
পৰস্পৰক নিজৰ দুখৰ কাহিনী শুনাবলৈ ধৰিলে।
প্ৰথম যাদুকৰীজনীৰ নাম আছিল আশা। তেওঁ কোনো চিকিৎসকে
তেতিয়ালৈকে ভাল কৰিব নোৱাৰা দূৰাৰোগ্য ব্যাধিত ভুগিছিল আৰু সৌভাগ্যৰ ফোঁৱাৰাত
গা ধুই আৰোগ্য লাভ কৰাৰ মানস কৰিছিল। দ্বিতীয়গৰাকীৰ নাম আছিল এলথেডা। এক
চয়তান যাদুকৰে এলথেডাৰ সকলোবোৰ ধন-সম্পত্তি, আনকি যাদুকাঁঠীডালো চুৰ কৰি নিছিল। তাই দৰিদ্ৰতা আৰু শক্তিহীন
অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ ফোঁৱাৰালৈ আহিছিল। তৃতীয় যাদুকৰীজনীৰ নাম
আছিল এমাটা। এমাটাৰ প্ৰেমিকে তাইক এৰি গৈছিল আৰু তাই দুখৰ অসহনীয় বোজা
নোহোৱা কৰিবলৈ সৌভাগ্যৰ ফোঁৱাৰাক ধিয়াই আহিছিল।
পৰস্পৰৰ কাহিনী শুনি আশা, এলথেডা আৰু এমাটা সহমৰ্মী হ’ল আৰু থিৰাং কৰিলে
যে তিনিও একগোট হৈ ফোঁৱাৰাটো পাবলৈ যত্ন কৰিব।
পূবৰ আকাশে ৰাঙলী বৰণ লোৱাৰ লগে লগেই বাগিচাৰ দেৱালত এটা ফাঁট মেলিলে। উপস্থিত সকলোৱে ঠেলা-হেঁচাকৈ সেই ফাঁটটোৰ ফালে অগ্ৰসৰ হোৱাৰ
চেষ্টা কৰিলে। কিন্তু বাগিচাৰ ভিতৰৰ লতাবোৰ বাহিৰ ওলাই
আহি মানুহবোৰৰ মাজৰ পৰা আশাক জপটিয়াই ধৰিলে।
আশাই তৎক্ষণাত এলথেডাৰ হাতত খামুচি ধৰিলে। একেদৰে এলথেডায়ো এমাটাৰ হাতত
খামুচি ধৰিলে। আনহাতে এমাটাৰ গাৰ কাপোৰ নিশকতীয়া ঘোঁৰা এটাত উঠি থকা নাইট এজনৰ
ঢাল-কৱচত লাগি ধৰিছিল। লতাবোৰে তিনিওগৰাকী যাদুকৰীৰ লগতে নাইটজনকো দেৱালৰ
ফাঁটটোৰে ভিতৰলৈ টানি নিলে আৰু ইয়াৰ পিছত সেই ফাঁটটো আপোনা-আপুনি বন্ধ
হৈ পৰিল।
নাইটজনক কঢ়িয়াই অনাৰ কাৰণে আশা আৰু এলথেডা এমাটাৰ ওপৰত
ক্ষুদ্ধ হৈ পৰিল। কাৰণ ফোঁৱাৰাত মাত্ৰ এজন ব্যক্তিয়েহে গা ধুব পাৰিব আৰু যাদুকৰী তিনিগৰাকীৰ মাজত কোনে গা ধুব এই
সিদ্ধান্ত লোৱাটোৱেই কঠিন হোৱাৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ এজন
ব্যক্তিয়ে বিষয়টোৰ জটিলতা আৰু বঢ়াই তুলিলে।
নাইটজনক আটায়ে ছাৰ লাকলেছ (দুৰ্ভাগ্যৱান) নামেৰেহে চিনি পাইছিল। তেওঁ মন
কৰিলে যে এই তিনিওগৰাকী যাদুকৰী। ইয়াৰ বিপৰীতে তেওঁৰ কোনো যাদুকৰী শক্তি বা
তৰোৱাল চলোৱাৰ পাৰদৰ্শিতাও নাই। আনহে নেলাগে সাধাৰণ মানুহ হিচাপেও তেওঁৰ
কোনো উল্লেখনীয় গুণ বা দক্ষতা নাই। গতিকে তিনিওকে পিছ পেলাই ফোঁৱাৰাত গা
ধুৱাটো তেওঁৰ পক্ষে অসম্ভৱ কথা। সেয়ে তেওঁ ঘোষণা কৰিলে যে তেওঁ পুনৰ দেৱালৰ
বাহিৰলৈ যাবলৈহে ইচ্ছুক। এই কথাত এমাটাৰ দেখ দেখকৈয়ে খং উঠিল। নাইটজনক
ককৰ্থনা কৰি তাই ক’লে, “হেৰা অলপ ধতুৱা নাইট, তোমাৰ তৰোৱালখন উলিওৱা আৰু আমাক ফোঁৱাৰাটো পোৱাত সহায় কৰা।”
এনেদৰে তিনিওগৰাকী যাদুকৰী আৰু
নাইটজন ফোঁৱাৰা অভিমুখে ৰাওনা হ’ল। গোটেই বাগিচাখন বিভিন্নধৰণৰ বিৰল ফুল-ফল আৰু
বনৌষধিৰে ভৰপূৰ হৈ আছিল।
ফোঁৱাৰাটো থকা চূড়াটোৰ তলত তেওঁলোকে
ওপৰলৈ উঠাৰ গোটেই বাটছোৱা মেৰিয়াই থকা এটা দৈত্যাকায় পলুৰ সন্মুখীন হ’ল। গুৰু-গম্ভীৰ
কণ্ঠৰে পলুটোৱে ক’লে:
“মোক তোমাৰ বেদনাৰ প্ৰমাণ দিয়া”
“পে’ মি দ্য প্ৰুফ অফ য়’ৰ পেইন”
নাইটজনে নিজৰ তৰোৱালখন উলিয়াই পলুটো আক্ৰমণ কৰোঁতেই সেইখন মাজতে ভাগি দুটুকুৰা হ’ল। এথেল্ডাই পলুটোলৈ শিল দলিয়াবলৈ ধৰিলে। আনহাতে আশা আৰু
এমাটাই যাদুদণ্ড উলিয়াই ক’লাযাদুৰে পলুটো আক্ৰমণ কৰাত লাগিল।
কিন্তু একোতে ফল নধৰিল আৰু পলুটোৱে তেওঁলোকক কোনোপধ্যে
বাট এৰি নিদিলে। ইফালে বেলি আহি মূৰৰ ওপৰ পালেহি। হতাশ
হৈ আশা বহি পৰিল আৰু উচুপিবলৈ ধৰিলে। তেনেতে পলুটোৱে আশাৰ দুগালেদি বৈ
অহা চকুলো শুহি পেলালে আৰু সন্তুষ্ট হৈ বাট এৰি দি আঁতৰি গ’ল। উৎফুল্লিত হৈ
আটাইকেইজনে চূড়াটো বগাবলৈ লাগিল।
আধামান বাট বগাওঁতেই তেওঁলোকে সন্মুখৰ মাটিত এশাৰী বাক্য লিখা দেখা পালে:
“মোক তোমাৰ কষ্টৰ ফল দিয়া”
“পে’ মি দ্য ফ্ৰুট অফ য়’ৰ লেবাৰ”
“পে’ মি দ্য ফ্ৰুট অফ য়’ৰ লেবাৰ”
নাইটজনে তেওঁৰ হাতত থকা একমাত্ৰ আধলিটো উলিয়াই ঘাঁহনিত থ’লে যদিও ই বাগৰি তলত হেৰাই গ’ল। আটায়ে পুনৰ বগাবলৈ আৰম্ভ কৰিলে। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো তেওঁলোক এটা ঢাপো আগুৱাবলৈ সক্ষম নহ’ল। ইফালে বেলি
লহিয়াবলৈ আৰম্ভ কৰিলে। এলথেডাই মন ডাঠ কৰি দুগুণ উদ্যম গোটাই পাহাৰ
বগোৱাৰ চেষ্টা অব্যাহত ৰাখিলে আৰু সংগীসকলকো উৎসাহিত
কৰি থাকিল।। তেনেতে এলথেডাৰ কপালৰ পৰা এটোপাল ঘাম
মাটিত পৰিল আৰু মাটিত লিখি ৰখা বাক্যশাৰী থিতাতে নোহোৱা হৈ থাকিল। লগে লগে
তেওঁলোকে আৱিষ্কাৰ কৰিলে যে তেওঁলোক আগুৱাবলৈ সক্ষম হৈছে। উৎসাহিত হৈ
তেওঁলোকে খৰকৈ খোজ দিলে আৰু অৱশেষত পাহাৰৰ চূড়াটো পালেগৈ। আবেলি বেলিৰ পোহৰত ফোঁৱাৰাটোৰ পানীবোৰ উজ্বলি উঠিছিল। কিন্তু
এসুঁতি পানীয়ে তেওঁলোকৰ বাট ভেঁটি ৰাখিছিল। স্ফটিক
পানীৰ তলত এচপৰা শিলত স্পষ্টকৈ লিখা আছিল:
“মোক তোমাৰ অতীতৰ ঐশ্বৰ্য দিয়া”
“পে’ মি দ্য ট্ৰেজাৰ অফ য়’ৰ পাষ্ট”
“পে’ মি দ্য ট্ৰেজাৰ অফ য়’ৰ পাষ্ট”
নাইটজনে নিজৰ ঢালখনৰ সহায়ত পানীত ভাঁহি যাবৰ চেষ্টা কৰিলে যদিও সেইখন ডুবি তলি পালেগৈ আৰু যাদুকৰীকেইজনীয়ে তেওঁক পানীৰ পৰা তুলি
আনিলে। বহুপৰ গুণাগঁঠা কৰাৰ পিছত এমাটাই শিলত লিখা কথাশাৰীৰ অৰ্থ অনুধাৱন
কৰিলে। তাই যাদুদণ্ডৰে তাইক এৰি যোৱা প্ৰেমিকৰ সৈতে কটোৱা আটাইবোৰ মধুৰ
স্মৃতি মনৰ পৰা তুলি আনিলে আৰু পানীত উটুৱাই দিলে। লগে
লগে পানীৰ ওপৰত শিলেৰে সজা দলং এখনৰ আৱিৰ্ভাৱ হ’ল আৰু আনন্দ মনেৰে
চাৰিও দলঙেৰে ফোঁৱাৰাটোৰ কাষ পালেগৈ। ইতিমধ্যে বেলি
ডুবিবলৈ ধৰিছিল আৰু বাগিচাৰ গছ-লতাবোৰত হেঙুলীয়া ৰং লাগিছিল।
ফোঁৱাৰাটোত কোনে গা ধুব সেই কথা নিৰ্ণয় কৰাৰ সময় হৈছিল। কিন্তু এই কথা আলোচনা কৰাৰ পূৰ্বেই ৰুগীয়া আশা ভাগৰত মৃতপ্ৰায় হৈ মাটিত
বাগৰি পৰিল। বাকীকেইজনে লৰালৰিকৈ তাইক ফোঁৱাৰাটোলৈ কঢ়িয়াই নিবলৈ ওলাল।
কিন্তু অসহ্য বেদনাত আশাই তাইক নুচুবৰ বাবে কাতৰ অনুৰোধ জনালে। তেতিয়া
এলথেডাই লৰালৰিকৈ দাঁতিয়ে-পাজৰে পোৱা বনৌষধি দুডালমান
গোটালে আৰু মোহাৰি নাইটজনৰ পানীৰ যতনত মিহলাই আশাৰ মুখত
বাকি দিলে। আচৰিতধৰণে খন্তেক সময়ৰ ভিতৰতে আশা সুস্থ হৈ উঠিল আৰু আনকি
তাইৰ শৰীৰত থকা দুৰাৰোগ্য ৰোগৰ লক্ষণবোৰো আঁতৰি গ’ল। আনন্দত জপিয়াই আশাই চিঞৰি উঠিল, “মই আৰোগ্য হ’লো। মোক আৰু
ফোঁৱাৰাৰ প্ৰয়োজন নাই। এলথেডাকে গা ধুবলৈ
দিয়া হওক।”
কিন্তু এলথেডা সেই সময়ত বনৌষধিৰ নমুনা সংগ্ৰহ কৰাত
লাগিছিল। “মই যদি এই ৰোগটো আৰোগ্য কৰিব পাৰিছো তেন্তে আন ৰোগো পাৰিম আৰু এনেদৰেই উপাৰ্জন কৰিব পাৰিম। এমাটাকে গা ধুবলৈ
দিয়া হওক।”
নাইটজনে সৌজন্যসূচক ভংগীৰে এমাটাক ফোঁৱাৰালৈ যাবলৈ ইঙ্গিত দিলে। কিন্তু এমাটাই মূৰ জোকাৰি
ক’লে যে পানীৰ
সুঁতিটোৱে প্ৰেমিকজনৰ প্ৰতি থকা তেওঁৰ নমনীয় ভাৱ ধুই
নিলে। এতিয়াহে তেওঁ নিৰপেক্ষভাৱে চাব পাৰিছে যে তেওঁৰ প্ৰেমিকজন
প্ৰকৃততে অত্যাচাৰী আৰু অবিশ্বাসী আছিল। গতিকে তেওঁৰ সৈতে বিচ্ছেদ হোৱাত
এমাটা যঠেষ্ট সুখী। ইয়াৰ পৰিৱৰ্তে এমাটাই নাইটজনকহে ফোঁৱাৰাটোত গা
ধুবলৈ আহ্বান জনালে। কিয়নো তেওঁ দেখুওৱা অবিস্মৰণীয় সাহস আৰু
স্বাৰ্থহীনতাৰ কাৰণে তেওঁ এই সুবিধা পুৰস্কাৰৰ ৰূপত পোৱা উচিত।
পশ্চিমৰ বেলিৰ শেষকণ পোহৰত নাইটজন অৰ্থাৎ ছাৰ লাকলেছে সৌভাগ্যৰ ফোঁৱাৰাটোত গা ধুলে আৰু এই কথা ভাবি বিস্মিত হ’ল যে তেওঁ অতিশয়
ভাগ্যৱান কিয়নো অসংখ্যজনৰ মাজৰ পৰা প্ৰকৃততে ফোঁৱাৰাত গা
ধুবলৈ তেওঁকহে বাছনি কৰা হৈছিল।
বেলি ডুব যোৱাৰ পিছত নাইটজন পানীৰ পৰা উঠি আহি এমাটালৈ চালে। তেওঁৰ শৰীৰত ফোঁৱাৰাৰ পানীৰ টোপাল। এমাটা আছিল নাইটজনে আজিলৈকে লগ পোৱা
আটাইতকৈ মৰমিয়াল আৰু ধুনীয়া যুৱতী। তেওঁ নিজৰ মামৰে ধৰা
নাইটৰ বেশ-ভূষা পৰিধাণ কৰি এমাটাৰ সন্মুখলৈ গ’ল আৰু তেওঁক
জীৱনসংগীৰূপে পোৱাৰ ইচ্ছা ব্যক্ত কৰিলে। এমাটাই উপলব্ধি কৰিলে যে তেওঁ
এতিয়াহে নিজৰ মনৰ মানুহজন বিচাৰি পাইছে আৰু সেয়ে সাদৰেৰে নাইটজনৰ
প্ৰস্তাৱ গ্ৰহণ কৰিলে।
আটায়ে ৰংমনে কান্ধত কান্ধ মিলাই পাহাৰৰ পৰা নামি আহিল।
চাৰিওৰে সুখী আৰু দীৰ্ঘ জীৱনকালত তেওঁলোক কোনেও এই কথা নাজানিলে বা সন্দেহ নকৰিলে যে ফোঁৱাৰাটোৰ পানীত কেতিয়াও কোনো যাদুকৰী গুণ
নাছিল।
(টোকা: The Tales of Beedle The Bard লেখিকাৰ বিশ্ববিখ্যাত সৃষ্টি 'হেৰী পটাৰ শৃংখলা'ৰ এখন আনুষংগিক
পুথি।)
No comments:
Post a Comment