Thursday, November 5, 2015

বিপন্ন প্ৰজাপতি

(এই কাহিনীটো সম্পূৰ্ণৰূপে কাল্পনিক। কোনো জীৱিত বা মৃত ব্যক্তিৰ সৈতে ইয়াৰ সাদৃশ্য থাকিলে ইয়াক মাত্ৰ এক সংযোগ হিচাপে গণ্য কৰা হ'ব।
This story is a work of fiction and any resemblance to any person living or dead is purely coincidental.)

     সাৰংগক প্ৰথমবাৰ লগ পাইছিলো মোৰ ৰূমমেট পাৰ্থৰ বাৰ্থডেপাৰ্টীত। ঘৰুৱা খৰিছাৰে বঢ়িয়াকৈ মহমহীয়া গোন্ধাই থকা গাহৰি মাংস ৰান্ধিছিল সি। তাৰে তিনিমাহমানৰ পিছত স্নাতকোত্তৰ মহলা পাওঁতে সি আমাৰ তৃতীয় ৰূমমেট হৈছিলহি। প্ৰথম দুদিনমানতে কথাই কথাই মই তাৰ গাৰ্লফ্ৰেণ্ডৰ বিষয়ে সুধিছিলো। সি মিচিকিয়াই কৈছিল, “নাই ভাই, আমি গাৰ্লফ্ৰেণ্ড নোহোৱাকৈয়ে ভাল।ইয়াৰ পিছতো আকৌ এদিন সেই প্ৰসংগটো ওলাওঁতে পাৰ্থক কিন্তু অলপো গুৰুত্ব দিয়া দেখা নাছিলো। বৰঞ্চ মই যিমানে যা-তা কথা কৈ সাৰংগক বিৰক্ত কৰাৰ চেষ্টা কৰিছিলো পাৰ্থই সেইধৰণে তাক জোকোৱাত মোৰ লগ দিবলৈ অনীহা প্ৰকাশ কৰিছিল। ইয়াৰ বিপৰীতে সাৰংগই স্বভাৱজাত হাঁহি এটা আঁৰি কথাবোৰ শুনি আছিল। স্বাভাৱিকতে মোৰ কৌতূহল হৈছিল যদিও এনে সম্পৰ্কৰ ক্ষেত্ৰত কিবা এটা মোক কব নোৱাৰা জটিল পৰ্যায় চলি থকা বুলি ধাৰণা কৰিয়েই কথাটো এৰি পেলাইছিলো। ইয়াৰ পিছত কাহানিও সাৰংগৰ প্ৰেমাস্পদৰ প্ৰসংগটো আৰু নোলাল।

     সাৰংগ আৰু মই একাউণ্টিং এণ্ড ফাইনেঞ্চৰ ছাত্ৰ আছিলো। তাৰ আখৰবোৰ বৰ পৰিপাটী আছিল। সেয়েহে মই বহু সময়ত ক্লাছত নিজে নিলিখি পিছত তাৰ নোটবোৰ চাবলৈ লৈছিলো। সাৰংগৰ নোটবুকৰ পৃষ্ঠা, টেবুল, কাগজৰ টুকুৰাত সৰু সৰু পেঞ্চিল বা মাৰ্কাৰৰ স্কেটচে শুৱনি কৰিছিল। সি তেল আৰু পানীৰঙেৰে বৰ ধুনীয়া ছবি আঁকিছিল। স্কেটচত মোৰো অলপ-অচৰপ হাত আছিল। এই সুবাদতে আমাৰ ঘনিষ্ঠতাও বহুখিনি বাঢ়িছিল। লাষ্ট ছেমলৈ আজৰি সময়ত মই সাৰংগৰ পৰা ৱাটাৰ কালাৰৰ অ আ ক খ শিকিছিলো। তেতিয়ালৈ পাৰ্থ নিউজ চেনেল এটাত ইনটাৰ্ন হিচাপে সোমাইছিল।

     এবাৰ বন্ধত কিছুদিন ঘৰলৈ গৈ ঘূৰি আহি দেখো এখন নতুন ছবিয়ে সাৰংগৰ কেনভাচ শুৱনি কৰিছে। কুঁৱলীত ডুব গৈ থকা ইষৎ সেউজীয়া কেঁকুৰি এটাত কুঁচি-মুচি থিয় দি ৰোৱা দুটা অৱয়ব। অইল অন আৰ্ট পেপাৰ। দুয়োৰে হাতত সেয়া এটা কলিজা নে কি! ছবিৰ হিমবোৰ যেন গোটেই কোঠাটোলৈকে বিয়পি পৰি সেমেকাই তুলিছে। ইমান গহীন!! এনেধৰণৰ প্ৰতীকধৰ্মী ছবি বৰকৈ বুজি নাপাওঁ যদিও এইখন কিবা এটা বৰ ভাল লাগিল।
     :এয়া কি? ছবিখনৰ সন্মুখত কেঁচা তিয়ঁহ এটুকুৰা চোবাই চোবাই মই সুধিলো।
     :একোকে নেদেখা কুঁৱলীত দুটা মানুহ চাগে।
     :চাগে কিয়?
     :নিজেই নেজানো অকি আঁকিছো।
     :হেৰি কৰ, ৰং মিলাই চাইছিছ্লি বুলি ক'
হেৰিটো দীঘলীয়াকৈ ভেকাহি মৰাৰ দৰে টানি মই কলো। এনে সুৰত ধেমালি কৰি কথা কোৱাৰ অভ্যাস হৈ গৈছে আমাৰ।
     :হেঃ হেঃ, এই দুটা আমি।
     :সঁচাকেবৰ ধুনীয়া হৈছে অপাৰ্থ নাই?
    :পাৰ্থ?
সাৰংগই বিছনাত লেপেটা কাঢ়ি বহাৰ পৰা প্ৰশ্নবোধক এটা লৈ মোলৈ চালে।
      :এই দুটা আমি যদি পাৰ্থ নাই যে?
     :ধুইইই। তাত তহঁত কেলেই থাকিবি। ইমান দুখ তাত দেখা নাই?
     :লাজেই পালো। কোন তেন্তে?
হাতৰ মুঠিত থুঁতৰিটো গুজি অলপদেৰি সি ছবিখনলৈ চাই থাকিল। শেহৰখিনি তিয়ঁহ গিলি মই আকৌ সুধিলো-
     :হুঁম?
    :তোক যে এটা কথা কব পাৰি মই জানো। তই বৰ ভাল বন্ধু আৰু তাতোকৈ ডাঙৰ কথা যে তই বহুত মেচিঅৰ্ড আৰু লিবাৰেল। আৰু ৰূমমেট যেতিয়া এদিন তই নিজেই গম পালি হয়।
     :' না বে
অধৈৰ্য ভাৱটো নুলুকুৱাকৈ মই কলো।
     :আমি মানে সেয়া মই আৰু মোৰ লাভাৰ।
অলপ ৰৈ কলে সি।
     :হেঁ? এই ফান্দাটো কি মোক বুজাই দেচোন। ৱান চাইডেদ লাভ? তই কাহানিও মোক কোৱা নাই।
মই খৰধৰকৈ কথাখিনি কলো।
     :ৱান চাইডেদ নহয় মিউচুৱেল লাভ।
     :' অও কিমান দিন হ'?
     :চাৰি বছৰ।
     :অ ৰিয়েলি? আই ডিডণ্ট নও ডেট। আৰু ইমানদিনে কেলেই নকলি?
উপলুঙাৰ সুৰত কলো মই।
     :কাৰণ আমি একেলগ হব নোৱাৰো। ৱি কেন নেভাৰ বি।
     :ওৱা, কিয়? ফেমিলি প্ৰব্লেম নে কি?
     :এক কথাত হয়।
কওঁ নকওঁকৈ কলে সি।
     :বেয়া নাপাৱ যদি কব পাৰ।
     :কাৰণ আমি দুয়োটা লৰা। গতিকে ফেমিলি, চছাইটী চবৰে প্ৰব্লেম। পাৰ্থই জানে এইটো কথা।
এক মুহূৰ্ত্তৰ বাবে মোৰ নিজকে জ্ঞানী মানুহ এজনৰ আগত থিয় দি থকা মহা বুৰ্বক এটাৰ দৰে লাগিল। নিজকে চম্ভালি লাহেকৈ কলো-
     :ক্কে, এইটো সঁচাকৈ কম্প্লিকেটেড।
     :মাত্ৰ ইমানকনেই ৰিয়েকচন?
ইষৎ হাঁহি এটা মাৰি আচৰিত হোৱাৰ দৰে সি সুধিলে।
     :গে’, কই টেৰৰিষ্ট নহী। বম্বে টকীজ, হেঃ হেঃ।
বাহিৰত ছাদখনত তেতিয়া ঘৰচিৰিকা এজাকে বৰকৈ কোৰ্হাল কৰি আছিল।

No comments:

Post a Comment